Red Hat Enterprise Linux 5.4
মুক্তিৰ টোকা
সকলো স্থাপত্যৰ বাবে মুক্তিৰ টোকা । 
Legal Notice
		Copyright 
© 2009 Red Hat, Inc.. This material may only be distributed subject to the terms and conditions set forth in the Open Publication License, V1.0 or later (the latest version of the OPL is presently available at 
http://www.opencontent.org/openpub/).
	
		Red Hat and the Red Hat "Shadow Man" logo are registered trademarks of Red Hat, Inc. in the United States and other countries.
	
		All other trademarks referenced herein are the property of their respective owners.
	
		
			1801 Varsity Drive
			Raleigh, NC 27606-2072 USA
			Phone: +1 919 754 3700
			Phone: 888 733 4281
			Fax: +1 919 754 3701
			PO Box 13588 Research Triangle Park, NC 27709 USA
		
 Abstract
1st July 2009
এই আলেখ্যনে Red Hat Enterprise Linux 5.4 ৰ মুক্তিৰ টোকাৰ বিৱৰণ দিয়ে
।
		Red Hat Enterprise Linux 5.4 (kernel-2.6.18-154.EL) সংকলনৰ বিভিন্ন উৎপাদনৰ মুক্তি টোকা এই নথিত উপস্থিত । এই তালিকাত আছে: 
		
- 
					x86, AMD64/Intel® 64, Itanium Processor Family, System p আৰু System z-ৰ বাবে উপলব্ধ Red Hat Enterprise Linux 5 Advanced Platform
				 
- 
					x86, AMD64/Intel® 64, Itanium Processor Family, System p আৰু System z-ৰ বাবে উপলব্ধ Red Hat Enterprise Linux 5 Server
				 
- 
					x86 আৰু AMD64/Intel®-ৰ বাবে উপলব্ধ Red Hat Enterprise Linux 5 Desktop
				 
		 Red Hat Enterprise Linux 5.4-ত অন্তৰ্ভুক্ত উন্নত আৰু অতিৰিক্ত বৈশিষ্ট্যসমূহ সম্পৰ্কে সৰ্বাধিক তথ্য এই মুক্তি টোকাত প্ৰস্তুত কৰা হৈছে । 
		
Note
				Red Hat Enterprise Linux 5.4-ৰ সৈতে উপলব্ধ মুক্তি সংক্ৰান্ত নথিৰ বিন্যাস এই সংস্কৰণত পৰিবৰ্তন কৰা হৈছে । মুক্তি টোকাত বৰ্তমানে গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ উন্নতি, সংশোধিত বাগ আৰু প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন সংক্ৰান্ত সংক্ষিপ্ত তথ্য উপলব্ধ কৰা হয় । উন্নয়ন কৰা সকলো সৰঞ্জাম, জ্ঞাত সমস্যা আৰু প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন সংক্ৰান্ত 
সকল তথ্য, 
নতুন উপলব্ধ 
Technical Notes নথিত উপস্থিত কৰা হয় ।
			
1. ভাৰ্চুৱেলাইজেছন সংক্ৰান্ত উন্নয়ন
		x86_64 ভিত্তিক স্থাপত্যৰ ক্ষেত্ৰত Red Hat Enterprise Linux 5.4 ত বৰ্তমানে কাৰ্ণেল-ভিত্তিক ভাৰ্চুৱেল যন্ত্ৰ (KVM) হাইপাৰ্ভাইছৰৰ বাবে সম্পূৰ্ণ সমৰ্থনব্যৱস্থা উপলব্ধ আছে । KVM, Linux কাৰ্ণেলত অন্তৰ্ভুক্ত হোৱাৰ ফলত, উপলব্ধ ভাৰ্চুৱেলাইজেছন মঞ্চৰ ক্ষেত্ৰত Red Hat Enterprise Linux-ৰ উপস্থিত স্থায়ীত্ব, বৈশিষ্ট্য আৰু যান্ত্ৰিক সামগ্ৰী সমৰ্থন ব্যৱস্থা উপস্থিত থাকিব । KVM হাইপাৰ্ভাইছৰৰ সহযোগত অধিক সংখ্যক অতিথি কাৰ্য্যকৰ প্ৰণালীত ভাৰ্চুৱেলইজেছন সমৰ্থিত হ'ব, যেনে: 
		
- 
					Red Hat Enterprise Linux 3
				 
- 
					Red Hat Enterprise Linux 4
				 
- 
					Red Hat Enterprise Linux 5
				 
- 
					Windows XP
				 
- 
					Windows Server 2003
				 
- 
					Windows Server 2008
				 
Important
			Xen ভিত্তিক ভাৰ্চুৱেলাইজেছন সম্পূৰ্ণৰূপে সমৰ্থিত হয় । তথাপি, Xen-ভিত্তিক ভাৰ্চুৱেলাইজেছনৰ ক্ষেত্ৰত কাৰ্য্য সঞ্চালনাৰ বাবে কাৰ্ণেলৰ এটা ভিন্ন সংস্কৰণৰ উপস্থিতি প্ৰয়োজন । KVM হাইপাৰ্ভাইছৰ অকল সাধাৰণ (অৰ্থাৎ Xen-বিহীন) কাৰ্ণেলৰ সৈতে ব্যৱহাৰ কৰা যাব ।
		
Warning
			একেই প্ৰণালীত Xen আৰু KVM সংস্থাপন কৰা সম্ভৱ হ'লেও, নে'টৱৰ্ক সংক্ৰান্ত অবিকল্পিত বিন্যাসসমূহ দুয়ো ক্ষেত্ৰত ভিন্ন । এটা প্ৰণালীত অকল এটা হাইপাৰ্ভাইছৰ সংস্থাপন কৰা বিশেষ বাঞ্ছনীয় ।
		
Note
			Red Hat Enterprise Linux-ৰ সৈতে অবিকল্পিতৰূপে Xen হাইপাৰ্ভাইছৰ উপলব্ধ কৰা হয় আৰু Xen হাইপাৰ্ভাইছৰৰ সৈতে ব্যৱহাৰৰ উদ্দেশ্যে বিন্যাসৰ সকলো অবিকল্পিত মান নিৰ্ধাৰণ কৰা হৈছে । KVM-ৰ বাবে এটা প্ৰণালী বিন্যাস কৰা বিৱৰণ জনাৰ উদ্দেশ্যে অনুগ্ৰহ কৰি Virtualization Guide পঢ়ক ।
		
		KVM সহযোগে ভাৰ্চুৱেলাইজেছনৰ সাহায্যে অতিথি কাৰ্য্যকৰ প্ৰণালীৰ ৩২-বিট আৰু ৬৪-বিট সংস্কৰণসমূহ পৰিবৰ্তন নকৰি সঞ্চালন কৰা যাব । উন্নত নিবেশ/নিৰ্গম কাৰ্য্যক্ষমতাৰ বাবে Red Hat Enterprise Linux 5.4 ত পেৰা-ভাৰ্চুৱেলাইজ কৰা ডিস্ক আৰু নে'টৱৰ্ক চালক অন্তৰ্ভুক্ত কৰা হৈছে । KVM-ৰ বাবে অতিৰিক্ত সমৰ্থন উপলব্ধ কৰি, সকলো libvirt ভিত্তিক সামগ্ৰী (অৰ্থাৎ virsh, virt-install আৰু virt-manager) উন্নয়ন কৰা হৈছে ।
	
		KVM হাইপাৰ্ভাইছৰৰ সৈতে ব্যৱহাৰযোগ্য USB পাছ-থ্ৰু বৈশিষ্ট্য ৫.৪ ৰিলিজত প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে চিহ্নিত হৈছে ।
	
		সংৰক্ষণ/পুনৰুদ্ধাৰ, লাইভ মাইগ্ৰেছন আৰু কোৰ ডাম্প সহ বিভিন্ন সমস্যা সংশোধিত হোৱাৰ ফলত x86_64 গৃহস্থৰ ওপৰত Xen ভিত্তিক ৩২-বিট পেৰাভাৰ্চুৱেলাইজ্ড অতিথি প্ৰণালীসমূহ বৰ্তমানে প্ৰযুক্তিগত-পূৰ্বপ্ৰদৰ্শন ৰূপে চিহ্নিত নহয় আৰু Red Hat Enterprise Linux 5.4 ত সম্পূৰ্ণৰূপে সমৰ্থিত ।
	
		এই উন্নয়নত etherboot সৰঞ্জাম যোগ কৰা হৈছে, যাৰ ফলত এতিয়া Preboot eXecution Environment (PXE) ব্যৱহাৰ কৰি অতিথি ভাৰ্চুৱেল যন্ত্ৰ বুট কৰিব পাৰি । এই প্ৰক্ৰিয়া OS তুলি লোৱাৰ আগতে হয় আৰু কেতিয়াবা OS ৰ কোনো জ্ঞান নাথাকে যে তাক PXE দি বুট কৰা হৈছে । etherboot ৰ কাৰণে সমৰ্থন KVM ৰ সন্দৰ্ভত ব্যৱহাৰলৈ সীমিত ।
	
		qemu-kvm ভিত্তিক ভাৰ্চুৱেল যন্ত্ৰত spice protocol সমৰ্থনৰ উদ্দেশ্যে Red Hat Enterprise Linux 5.4 ত qspice সৰঞ্জাম যোগ কৰা হৈছে । qspice ত গ্ৰাহক, সেৱক আৰু চৰকৰ প্লাগ-ইনৰ সৰঞ্জাম উপস্থিত আছে । কিন্তু, বৰ্তমানে অকল qspice-libs package সৰঞ্জামত উপলব্ধ qspice সেৱক সম্পূৰ্ণৰূপে সমৰ্থিত । qspice গ্ৰাহক (qspice সৰঞ্জামৰ পৰা প্ৰাপ্ত) আৰু qspice mozilla প্লাগ-ইন (qspice-mozilla সৰঞ্জামৰ পৰা প্ৰাপ্ত) প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে অন্তৰ্গত কৰা হৈছে । qspice-libs সৰঞ্জামত সেৱক বাস্তবায়নৰ বৈশিষ্ট্য উপলব্ধ আছে আৰু এইটো qemu-kvm-ৰ সৈতে একযোগে ব্যৱহৃত হয় আৰু সম্পূৰ্ণৰূপে সমৰ্থিত । কিন্তু, Red Hat Enterprise Linux 5.4 ত spice প্ৰোটোকলৰ বাবে libvirt সমৰ্থন উপলব্ধ নাই; Red Hat Enterprise Linux 5.4 ত spice-ৰ ব্যৱহাৰ অকল Red Hat Enterprise Virtualization নামক উৎপাদনত সমৰ্থিত ।
	
2. ক্লাস্টাৰ সংক্ৰান্ত উন্নহয়ন
		প্ৰধান কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেৱাৰ স্থায়ীত্ব, কৰ্ম পৰিধি আৰু উপলব্ধ অৱস্থা বৃদ্ধি কৰাৰ বাবে একাধিক কম্পিউটাৰ (নোড) একযোগে ক্লাস্টাৰ ৰূপে ব্যৱহাৰ কৰা হয় ।
	
		Red Hat Enterprise Linux 5.4 ত ক্লাস্টাৰ সংক্ৰান্ত সকলো উন্নহয়নৰ তথ্য Technical Notes ত উপলব্ধ কৰা হৈছে । Red Hat Enterprise Linux ত উপলব্ধ ক্লাস্টাৰ ব্যৱস্থা সম্বন্ধীয় অতিৰিক্ত তথ্য 
Cluster Suite Overview আৰু 
Cluster Administration নামক নথিসমূহত উপস্থিত আছে ।
	
		স্বয়ংক্ৰিয়ভাবে হাইপাৰ্ভাইছৰ চিনাক্তকৰণৰ উদ্দেশ্যে Cluster Suite-ৰ সৰঞ্জামসমূহ আপগ্ৰেড কৰা হৈছে । কিন্তু, KVM হাইপাৰ্ভাইছৰৰ সৈতে ক্লাস্টাৰ চুটৰ কৰ্ম সঞ্চালনাক প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে চিহ্নিত কৰা হৈছে ।
	
		মাল্টিকাস্টৰ ওপৰিও, OpenAIS দ্বাৰা বৰ্তমানে ব্ৰডকাস্ট নেটৱৰ্ক যোগাযোগ ব্যৱস্থা উপলব্ধ কৰা হয় । OpenAIS-ৰ স্বতন্ত্ৰ ব্যৱহাৰৰ সময়ত আৰু Cluster Suite-ৰ সৈতে এই বৈশিষ্ট্যৰ ব্যৱহাৰ প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে ধাৰ্য কৰা হৈছে । উল্লেখ্য, ব্ৰডকাস্ট ব্যৱহাৰৰ বাবে OpenAIS-ৰ বিন্যাস ক্লাস্টাৰ পৰিচালন ব্যৱস্থাৰত অন্তৰ্ভুক্ত কৰা নহয় আৰু ব্যৱহাৰকৰ্তা দ্বাৰা সেইটো স্বয়ং বিন্যাস কৰা প্ৰয়োজন ।
	
Note
			Cluster Suite ত SELinux-ৰ Enforcing (সম্পূৰ্ণ সক্ৰিয়) মোড সমৰ্থিত নহয়; অকল Permissive (সতৰ্কতামূলক) অথবা Disabled (নিষ্ক্ৰিয়) মোড ব্যৱহাৰ কৰা যাব । বেয়াৰ মেটাল PPC প্ৰণালীত Cluster Suite-ৰ ব্যৱহাৰ সমৰ্থিত নহয় । VMWare ESX গৃহস্থত Cluster Suite ব্যৱহাৰকৰ্তা অতিথি প্ৰণালী দ্বাৰা fence_vmware-ৰ ব্যৱহাৰ প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে চিহ্নিত কৰা হয় । Center দ্বাৰা পৰিচালিত VMWare ESX গৃহস্থত উপস্থিত অতিথি প্ৰণালীত Cluster Suite-ৰ সঞ্চালনা সমৰ্থিত নহয় ।
		
			Cluster Suite সহযোগে মিশ্ৰ স্থাপত্যৰ ক্লাস্টাৰ নিৰ্মাণ সমৰ্থিত নহয় । ক্লাস্টাৰত উপস্থিত সকলো নোডসমূহ একেই স্থাপত্যৰ হোৱা আবশ্যক । Cluster Suite-ৰ ক্ষেত্ৰত x86_64, x86 আৰু ia64 স্থাপত্যসমূহক পৃথকৰূপে চিহ্নিত কৰা নহয় আৰু এই তিনিটা স্থাপত্যৰ মিশ্ৰ ক্লাস্টাৰ সমৰ্থিত হ'ব ।
		
2.1. ফেন্সিং (Fencing) সংক্ৰান্ত উন্নতি
			ক্লাস্টাৰ দ্বাৰা যৌথ ব্যৱহৃত সংগ্ৰহস্থলৰ পৰা কোনো নোড বিচ্ছিন্ন কৰাৰ প্ৰক্ৰিয়া ফেন্সিং নামে পৰিচিত হয় । ফেন্সিং ব্যৱস্থাৰ সাহায্যে যৌথ ব্যৱহাৰৰ সংগ্ৰহস্থলৰ সৈতে নিবেশ/নিৰ্গম বিচ্ছিন্ন কৰা হয় আৰু ইয়াৰ ফলত তথ্যৰ অখণ্ডতা বজায় ৰখা যাব ।
		
			Red Hat Enterprise Linux 5.4 ত প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে, যান্ত্ৰিক সামগ্ৰী পৰিচালনা কনসোল (HMC) দ্বাৰা পৰিচালিত IBM লজিকেল বিভাজন (LPAR) ইনস্টেন্সৰ ক্ষেত্ৰত Power Systems ত ফেন্সিং সমৰ্থন অন্তৰ্ভুক্ত কৰা হৈছে 
(BZ#485700) । Cisco MDS 9124 & Cisco MDS 9134 Multilayer Fabric Switches ত প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে ফেন্সিং সমৰ্থন যোগ কৰা হৈছে 
(BZ#480836) ।
		
			প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে, Red Hat Enterprise Linux-ৰ এই মুক্তিত fence_virsh ফেন্স এজেন্ট উপলব্ধ কৰা হৈছে । fence_virsh-ৰ সাহায্যেlibvirt প্ৰোটোকলৰ মাধ্যমে (domU ৰূপে চলমান) এটা অতিথি প্ৰণালী দ্বাৰা অন্য এটা অতিথি প্ৰণালীক ফেন্স (fence) কৰা সম্ভৱ হ'ব । কিন্তু, Cluster Suite ত fence_virsh অন্তৰ্ভুক্ত নোহোৱাৰ ফলত, এই পৰিবেশৰ ফেন্স এজেন্ট ৰূপে এইটো সমৰ্থিত নহয় ।
		
			উপৰন্তু, ফেন্সিং সংক্ৰান্ত নিম্নলিখিত নতুন প্ৰতিবেদনসমূহ Red Hat Knowledge Base ত সংযোজন কৰা হৈছে: 
			
		3. নেটৱৰ্ক ব্যৱস্থা সম্পৰ্কিত উন্নয়ন
		এই উন্নয়নত, কাৰ্ণেল আৰু ইউজাৰ-স্পেছ অনুপ্ৰয়োগ 
ethtool-ৰ ক্ষেত্ৰত জেনৰিক ৰিছিভ অফ-লোড (GRO) বৈশিষ্ট্যৰ সমৰ্থন ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে । (
(BZ#499347) ।) GRO প্ৰণালীৰ সহায়ত ছেন্ট্ৰেল প্ৰচেচিং ইউনিট (CPU) দ্বাৰা প্ৰক্ৰিয়াকৰণৰ পৰিমাণ হ্ৰাস কৰি আগমনকাৰী নে'টৱৰ্ক সংযোগৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰা হয় । GRO দ্বাৰা লাৰ্জ ৰিলিভ অফ-লোড (LRO) প্ৰণালীৰ অনুৰূপ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়, কিন্তু LRO-ৰ তূলনাত অধিক ভিন্ন ধৰনৰ ট্ৰান্সপোৰ্ট লেয়াৰৰ প্ৰোটোকলৰ ক্ষেত্ৰত এইটো প্ৰয়োগ কৰা সম্ভৱ হ'ব । বিভিন্ন নেটৱৰ্ক যন্ত্ৰ চালক যেনে Intel® Gigabit Ethernet Adapters-ৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য igb চালক আৰু Intel 10 Gigabit PCI Express নেটৱৰ্ক যন্ত্ৰৰ সৈতে ব্যৱহাৰয়োগ্য ixgbe চালকত GRO সমৰ্থন ব্যৱস্থা যোগ কৰা হৈছে ।
	
		ডিফাৰেনছিয়েটৰ ছাৰ্ভিচেচ কোড পইন্ট (DSCP) মান সমৰ্থনৰ বাবে Netfilter ফ্ৰেমৱৰ্ক (নেটৱৰ্ক পেকেট ফিল্টাৰ কাৰ্য্যৰ বাবে ব্যৱহৃত কাৰ্ণেলৰ অংশ) উন্নয়ন কৰা হৈছে ।
	
		DNS (ডোমেইন নেম ছাৰ্ভাৰ) প্ৰোটোকলসমূহ প্ৰয়োগৰ বৈশিষ্ট্য 
bind (Berkeley Internet Name Domain) সৰঞ্জাম দ্বাৰা উপলব্ধ কৰা হয় । পূৰ্বে, authoritative আৰু non-authoritative উত্তৰত সহজে পাৰ্থক্য কৰাৰ বাবে bind দ্বাৰা কোনো সুবিধা উপলব্ধ কৰা নহয় । ইয়াৰ ফলত, ভুল বিন্যাস সহ ছাৰ্ভাৰ দ্বাৰা কিছু প্ৰত্যাখ্যানযোগ্য অনুৰোধেৰ উত্তৰ দিয়া হয় । এই উন্নয়নৰ ফলত, bind-ত 
allow-query-cache নামক এটা নতুন বিকল্প যোগ কৰা হৈছে যাৰ সহায়ত ছাৰ্ভাৰত non-authoritative তথ্যৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা সম্ভৱ হ'ব (উদাহৰণস্বৰূপ: কেশ্বেত সংৰক্ষিত ৰিকাৰ্ছিভ ফলাফল আৰু root zone-ৰ সৈতে সংযোগৰ তথ্য) 
(BZ#483708)
	4. নথিপত্ৰ-প্ৰণালী সংক্ৰান্ত উন্নয়ন
		5.4 উন্নয়নত, নথিপত্ৰ-প্ৰণালী সমৰ্থন ব্যৱস্থা সম্পৰ্কিত বিভিন্ন উল্লেখযোগ্য সংযোজন কৰা হৈছে । মূল Red Hat Enterprise Linux-ত বৰ্তমানে 
Filesystem in Userspace (FUSE) কাৰ্ণেল অংশ আৰু ইউজাৰ-স্পেছৰ বিভিন্ন সৰঞ্জাম উপলব্ধ আছে । এইসমূহৰ সহায়ত ব্যৱহাৰকৰ্তাৰ এটা অপৰিবৰ্তিত Red Hat Enterprise Linux কাৰ্ণেলত সিহঁতৰ নিজস্ব 
FUSE নথিপত্ৰ-প্ৰণালী সংস্থাপন কৰি সঞ্চালন কৰিব পাৰিব 
(BZ#457975) । ইয়াৰ উপৰিও, প্ৰযুক্তিগত পূৰ্ব প্ৰদৰ্শন ৰপে কাৰ্ণেলত 
XFS নথিপত্ৰ-প্ৰণালীৰ সমৰ্থনব্যৱস্থাও যোগ কৰা হৈছে 
(BZ#470845) । FIEMAP নিবেশ/নিৰ্গম নিয়ন্ত্ৰণ (ioctl) সংযোগমাধ্যম বাস্তাবায়িত হৈছে যাৰ ফলত নথিপত্ৰৰ প্ৰকৃত অৱস্থায়েৰ বিন্যাস সুষ্ঠুৰূপে কৰা সম্ভৱ হ'ব । FIEMAP ioctl-ৰ সহায়ত বিভিন্ন অ্যাপ্লিকেশন দ্বাৰা কোনো বিশেষ নথিপত্ৰৰ ফ্ৰ্যাগমেন্টেশন পৰীক্ষা কৰা যাবে আৰু বিচ্ছিন্ন ভাবে বৰাদ্দ কৰা কোনো নথিপত্ৰৰ সৰ্বোত্তম বেপ্তি সহ এটা প্ৰতিলিপি নিৰ্মাণ কৰা সম্ভৱ হ'ব 
(BZ#296951) ।
	
		ইয়াৰ উপৰিও, কাৰ্ণেলত কমন ইন্টাৰনেট নথিপত্ৰ-প্ৰণালী (CIFS) উন্নয়ন কৰা হৈছে 
(BZ#465143) । ext4 নথিপত্ৰ-প্ৰণালীও (Red Hat Enterprise Linux-ত প্ৰযুক্তিগত পূৰ্ব প্ৰদৰ্শন ৰূপে অন্তৰ্ভুক্ত) উন্নয়ন কৰা হৈছে 
(BZ#485315).
	
		এটা সেৱকৰ নথিপত্ৰ-প্ৰণালী ৰূপে (অৰ্থাৎ, ক্লাস্টাৰ নকৰা পৰিবেশত) Global File System 2-ৰ (GFS2) ব্যৱহাৰ Red Hat Enterprise Linux 5.4-ত অবচিত হৈছে । উচ্চ মাত্ৰাৰ উপলব্ধ অৱস্থাৰ ক্লাস্টাৰিং প্ৰয়োজন নাথাকিলে, GFS2 ব্যৱহাৰকৰ্তাই অন্যান্য নথিপত্ৰ-প্ৰণালী যেনে ext3 অথবা xfs লৈ মাইগ্ৰেট কৰাৰ সুবিধা কৰাৰ অনুৰোধ কৰা হৈছে । বৃহৎ মাপৰ নথিপত্ৰ-প্ৰণালীৰ (১৬ টেৰাবাইট অথবা অধিক) সৈতে ব্যৱহাৰৰ বাবে xfs নথিপত্ৰ-প্ৰণালীটি বিশেষভাবে নিৰ্মিত হৈছে । বৰ্তমানে উপস্থিত ব্যৱহাৰকৰ্তাৰ উপলব্ধ সহায়তা বজায় থাকিব ।
	
		stat, write, stat পূৰণকাৰী প্ৰচেচৰ ক্ষেত্ৰত, প্ৰথম stat কলৰ পিছত উৎপন্ন ফলাফলৰ নথিপত্ৰত প্ৰদৰ্শিত 
mtime (সৰ্বশেষ পৰিবৰ্তেৰ সময়) আৰু দ্বিতীয় stat কলৰ পিছত উৎপন্ন ফলাফলৰ নথিপত্ৰৰ 
mtime-ত পাৰ্থক্য থাকিব । NFS-ৰ নথিপত্ৰৰ সময়সমূহ অকল সেৱক দ্বাৰা পৰিচালিত হয়, আৰু ইয়াৰ ফলত 
WRITE NFS প্ৰোটোকল কামৰ মাধ্যমে সেৱকত তথ্য আপলোড নকৰা অবধি নথিপত্ৰৰ 
mtime পৰিবৰ্তিত ন'হ'ব । pagecache-ত অকল তথ্য নকল কৰিলে 
mtime উন্নয়ন কৰা ন'হ'ব । স্থানীয় নথিপত্ৰ-প্ৰণালীৰ তূলনাত NFS-ৰ এইটো এটা উল্লেখযোগ্য পাৰ্থক্য । ইয়াৰ ফলত, কোনো NFS নথিপত্ৰ-প্ৰণালীত উচ্চ পৰিমাণ write কৰ্ম সঞ্চালিত হ'লে stat কলত উচ্চ পৰিমাণৰ লেটেঞ্চি হ'ব পাৰে ।
(BZ#469848)
	 
		ইউজাৰ-স্পেছৰ সৰঞ্জাম উন্নয়ন কৰি ext4 নথিপত্ৰ-প্ৰণালীৰ প্ৰযুক্তিগত পূৰ্ব প্ৰদৰ্শন নবায়ীত কৰা হৈছে । ext3 নথিপত্ৰ-প্ৰণালীৰ পিছত বৰ্ধিত উন্নতি ৰূপে উপলব্ধ ext4 নথিপত্ৰ-প্ৰণালীটি Red Hat আৰু Linux সম্প্ৰদায় দ্বাৰা নিৰ্মিত হৈছে । 
		
Note
				Ext4-ৰ প্ৰযুক্তিগত পূৰ্ব প্ৰদৰ্শন প্ৰয়োগকাৰী Red Hat Enterprise Linux-ৰ পূৰ্ববৰ্তী সংস্কৰণসমূহৰ ক্ষেত্ৰত, ext4 নথিপত্ৰ-প্ৰণালীসমূহ ext4dev ৰূপে চিহ্নিত কৰা হয় । এই উন্নয়নৰ পিছত, ext4 নথিপত্ৰ-প্ৰণালীসমূহ ext4 ৰূপে প্ৰদৰ্শিত হয় ।
			
		x86_64 মঞ্চত প্ৰযুক্তিগত পূৰ্ব প্ৰদৰ্শন ৰূপে samba3x আৰু ctdb উপলব্ধ কৰা হৈছে । Samba3x সৰঞ্জাম দ্বাৰা Samba 3.3 আৰু ctdb দ্বাৰা ক্লাস্টাৰ কৰা TDB বেক এন্ড উপলব্ধ কৰা হয় । GFS নথিপত্ৰ-প্ৰণালী প্ৰয়োগকাৰী কিছু ক্লাস্টাৰ নোডত samba3x আৰু ctdb সঞ্চালিত হ'লে, ক্লাস্টাৰ কৰা CIFS নথিপত্ৰ-প্ৰণালী ৰপ্তানি কৰাৰ সুবিধা উপলব্ধ কৰা হয় । Client and Server সংকলনত উপলব্ধ samba সৰঞ্জামৰ পৰা সংস্থাপন কৰা নথিপত্ৰৰ সৈতে দ্বন্দ্ব সৃষ্টি হোৱাৰ ফলত এই সামগ্ৰীসমূহ এটা পৃথক চাইল্ড চেনেলত উপলব্ধ কৰা হয় ।
	
5. ডেস্কটপ সংক্ৰান্ত উন্নয়ন
5.1. উন্নত Linux ধ্বনি স্থাপত্য (ALSA)
			Red Hat Enterprise Linux 5.4 ত উন্নত Linux ধ্বনি স্থাপত্য (ALSA) উন্নয়ন কৰা হৈছে — ইয়াৰ ফলত হাই ডেফিনিছন অডিঅ' (HDA) সমৰ্থনৰ বাবে উন্নত সমৰ্থন ব্যৱস্থা উপলব্ধ কৰা সম্ভৱ হ'ব ।
		
			ATI ভিডিঅ' যন্ত্ৰৰ সৈতে ব্যৱহাৰযোগ্য ati চালক উন্নয়ন কৰা হৈছে ।
		
			Intel ইন্টিগ্ৰেটেড ডিচপ্লে যন্ত্ৰৰ বাবে উপলব্ধ i810 আৰু intel চালক উন্নয়ন কৰা হৈছে ।
		
			Matrox ভিডিঅ' যন্ত্ৰৰ সৈতে ব্যৱহাৰযোগ্য mga চালক উন্নয়ন কৰা হৈছে ।
		
			nVidia ভিডিঅ' যন্ত্ৰৰ সৈতে ব্যৱহাৰৰ বাবে চিহ্নিত nv চালক উন্নয়ন কৰা হৈছে ।
		
			আগতে, অভ্যন্তৰীণ CD/DVD ড্ৰাইভ সহ ডকিং স্টেছন সহ কিছু লেপটপ ডক আৰু আন-ডক কৰাৰ সময় পিছত ড্ৰাইভৰ উপস্থিতি চিনাক্ত কৰা নহয় আৰু ড্ৰাইভ ব্যৱহাৰৰ বাবে উপলব্ধ কৰাৰ উদ্দেশ্যে প্ৰণালী পুনৰাৰম্ভ কৰাৰ প্ৰয়োজন দেখা দিয়ে । এই উন্নয়নত, কাৰ্ণেলত ACPI ডকিং চালক উন্নয়ন কৰাৰ ফলত এই সমস্যা সংশোধিত হৈছে । 
(BZ#485181) ।
		- 
				- SystemTapবৰ্তমানে সম্পূৰ্ণৰূপে সমৰ্থিত আৰু মূল প্ৰকল্পৰ সৰ্বশেষ সংস্কৰণত পুনঃ স্থাপিত কৰা হৈছে । এই উন্নয়নৰৰ দ্বাৰা অংশীদাৰ কৰা লাইব্ৰৰি সহযোগে ইউজাৰ-স্পেছত উন্নত অনুসন্ধান, পৰীক্ষামূলক DWARF আন-ৱাইন্ডিং আৰু dtrace-ৰ সৈতে সুসংগত সংকেত উপলব্ধকাৰী এটা নতুন- <sys/sdt.h>হেডাৰ নথিপত্ৰ উপলব্ধ কৰা হয় ।
 - 
				পুনঃ স্থাপনৰ ফলত - debuginfo-lessকাৰ্য্যৰ উন্নত সমৰ্থন ব্যৱস্থা উপলব্ধ কৰা হয় । বৰ্তমানে, কাৰ্ণেল ট্ৰেছ-পইন্ট অনুসন্ধানৰ লগতে, (@cast অপাৰেটৰ সহযোগে) টাইপকাস্টিং কাৰ্য্যও সমৰ্থিত হয় ।- debuginfo-lessকাৰ্য্যত ব্যঘাত সৃষ্টিকাৰী একাধিক- 'kprobe.*'অনুসন্ধানৰ বাগ সংশোধিত হৈছে ।
 - 
				SystemTap-ৰ নথিপত্ৰ সংক্ৰান্ত কিছু উন্নতিও কৰা হৈছে । নতুন '- 3stap' বৈশিষ্ট্যৰ সাহায্যে অধিকাংশ SystemTap অনুসন্ধান আৰু আপেক্ষকৰ ক্ষেত্ৰত ব্যৱহাৰকৰ্তাৰ বাবে সহায়ক man পৃষ্ঠা উপলব্ধ কৰা হয় ।- systemtap-testsuiteসৰঞ্জামৰ অধীন নমূনা স্ক্ৰিপ্টৰ বৃহৎ সংগ্ৰহ উপস্থিত হৈছে ।
 - 
				SystemTap পুনঃ স্থাপিত সম্পৰ্কে অধিক বিৱৰণৰ বাবে অনুগ্ৰহ কৰি Technical Notes-ৰ Package Updates অধ্যায়ত SystemTap বিভাগ পঢ়ক ।
			 
- 
				কাৰ্ণেলৰ বিভিন্ন বিভাগত Systemtap ট্ৰেছ-পইন্ট স্থাপন কৰা হয় । ইয়াৰ ফলত প্ৰণালী প্ৰশাসকৰ কোডৰ বিভিন্ন অংশৰ কাৰ্য্যক্ষমতা পৰীক্ষা কৰাৰ লগতে ডিবাগ কৰিবলৈ পাৰিব । প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে Red Hat Enterprise Linux 5.4-ত কাৰ্ণেল উপ-প্ৰণালীৰ নিম্নলিখিত অংশত ট্ৰেছ-পইন্ট যোগ কৰা হৈছে: 
				 
- 
				এই মুক্তিত প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে Gnu Compiler Collection সংস্কৰণ ৪.৪ (GCC4.4) অন্তৰ্ভুক্ত কৰা হৈছে । কম্পাইলাৰৰ এই সংকলনত আছে C, C++, আৰু Fortran কম্পাইলাৰ আৰু সেইসমূহ সমৰ্থনকাৰী লাইব্ৰৰি ।
			 
- 
				- glibc নতুন MALLOC আচৰণ:বিভিন্ন ধৰনৰ ছকেট আৰু কোৰত কাৰ্য্য পৰিধি অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে সম্প্ৰতি মূল glibc পৰিবৰ্তন কৰা হৈছে । এইটো কৰাৰ বাবে, থ্ৰেডৰ বাবে নিজস্ব স্মৃংতিশক্তিৰ পুল বিতৰণ কৰা হ'ব আৰু কিছু পৰিস্থিতিত লকিং কৰা ন'হ'ব । স্মৃতিশক্তি পুলৰ বাবে কোনো অতিৰিক্ত স্মৃতিশক্তি ব্যৱহাৰ কৰা হ'লে সেইটোৰ পৰিমাণ MALLOC_ARENA_TEST আৰু MALLOC_ARENA_MAX নামক পৰিবেশ চলক দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় ।
 - 
				স্মৃতিশক্তি পুলৰ সংখ্যা MALLOC_ARENA_TEST দ্বাৰা চিহ্নিত সংখ্যা ছুলে, কোৰৰ সংখ্যাৰ পৰীক্ষা সঞ্চালিত হ'ব । কোৰৰ সংখ্যা নিৰ্বিশেষে, MALLOC_ARENA_MAX দ্বাৰা স্মৃতিশক্তি পুলৰ সৰ্বাধিক সংখ্যা নিৰ্ধাৰিত হয় ।
			 - 
				মূল malloc-ৰ প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে, RHEL 5.4 মুক্তিত উপলব্ধ glibc-ত এই বৈশিষ্ট্য সংযোজন কৰা হৈছে । প্ৰতি থ্ৰেডৰ বাবে স্মৃতিশক্তি পুল সক্ৰিয় কৰাৰ উদ্দেশ্যে MALLOC_PER_THREAD পৰিবেশ চলকৰ মান নিৰ্ধাৰণ কৰা আবশ্যক । ভবিষ্যতৰ মুক্তিত malloc-ৰ এই নতুন আচৰণ অবিকল্পিতৰূপে উপস্থিত কৰাৰ পিছত এই পৰিবেশ চলক ব্যৱহাৰৰ প্ৰয়োজন ন'হ'ব । malloc সম্পদৰ ব্যৱহাৰৰ অধিক প্ৰতিদ্বন্ধিতা দেখা দিলে এই বিকল্প প্ৰয়োগ কৰা যাব ।
			 
7. স্থাপত্য নিৰ্দ্দিষ্ট সমৰ্থন
- 
					এটা ভাৰ্চুৱেল পৰিবেশত, Red Hat Enterprise Linux ৬৪-বিট কাৰ্ণেলৰ কাৰণে সময় ৰখা কাৰ্য্য কষ্টকৰ হ'ব পাৰে, কাৰণ সময় টাইমাৰ ইন্টাৰাপ্টৰ হিচাপেৰে ৰখা হয় । ভাৰ্চুৱেল যন্ত্ৰক ডিচেডিউলিং আৰু ৰিচেডিউলিং কৰিলে এই ইন্টাৰাপ্টত বিৰতি হ'ব পাৰে, যাৰ ফলত সময় ৰখা কাৰ্য্য ভুল হ'ব পাৰে । কাৰ্ণেলৰ এই মুক্তিয়ে এটা সময় পাৰ হোৱা কাউন্টাৰৰ যোগেৰে সময় ৰখাৰ এল্গোৰিথমক পুনঃ বিন্যাস কৰে । ( Bugzilla #463573- )
				 
- 
					এইটো পোৱা গৈছিল যে, যদি সিহঁতৰ স্টেক ~4GB ৰ অধিক হয়, ৬৪-বিট থ্ৰেডেড অনুপ্ৰয়োগটো  - pthread_create()-  ত বহুত লাহে হৈ যায় । কাৰণ  - glibc-  য়ে সেই স্টেক বিতৰণ কৰিবলৈ  - MAP_32BIT-  ব্যৱহাৰ কৰে । যিহেতু  - MAP_32BIT-  ৰ প্ৰয়োগ এটা লিগেচি ৰূপায়ন, এই উন্নয়নে কাৰ্ণেলত এটা নতুন ফ্লেগ ( - MAP_STACK mmap- ) যোগ কৰে যাৰ ফলত ৬৪-বিট অনুপ্ৰয়োগৰ ভাৰ কম হয় । ( Bugzilla #459321- )
				 
- 
					এই উন্নয়নত এটা গুণৰ বিট আছে যি TSC সমূহক deep-C অৱস্থাত চলি থাকিবলৈ উৎসাহ দিয়ে । এই  - NONSTOP_TSC-  বিট  - CONSTANT_TSC-  ৰ লগত কাম কৰে ।  - CONSTANT_TSC-  য়ে বুজায় যে TSC একেই গতিত চলি থাকে P/T- অৱস্থা যিয়েই নহওক, আৰু  - NONSTOP_TSC-  য়ে বুজায় যে TSC deep C-states ত ৰখি নাযায় । ( Bugzilla #474091- )
				 
- 
					এই উন্নয়নত i386, i486, i586 আৰু i686 স্থাপত্যত বা তাৰ কাৰণে সৃষ্টি কৰা kernel-devel সৰঞ্জামৰ কাৰণে  - asm-x86_64-  হেডাৰ আছে । ( Bugzilla #491775- )
				 
- 
					এই উন্নয়নত এটা সমাধান আছে যে i386 স্থাপত্যত  - memmap=X$Y-  ক এটা বুট স্থিতিমাপ হিচাপে নিৰ্ধাৰণ কৰিলে এটা নতুন BIOS মেপ সৃষ্টি হয় । ( Bugzilla #464500- )
				 
- 
					আগৰ কাৰ্ণেলৰ মুক্তিত দেখা Non-Maskable Interrupt (NMI) ৰ সমস্যা এই মুক্তিত সমাধা কৰা হৈছে । এই সমস্যাই বহুতো Intel প্ৰচেচৰক প্ৰভাৱিত কৰিছিল আৰু যাৰ ফলত NMI watchdog টো 'stuck' হোৱাৰ প্ৰতিবেদন কৰা হৈছিল । NMI কোডৰ নতুন স্থিতিমাপে এই সমস্যাৰ সমাধান কৰে ।( Bugzilla #500892- )
				 
- 
					এই মুক্তিয়ে HP xw9400 আৰু xw9300 প্ৰনালীৰ কাৰণে PCI Domain ৰ সমৰ্থন আকৌ দিছে । ( Bugzilla #474891- )
				 
- 
					কাৰ্য্যক্ষমতাক শুদ্ধ কৰা হৈছে powernow-k8 অংশৰ স্থিতিমাপক / sys/modules লৈ ৰপ্তানি কৰিবলৈ । এই তথ্য আগতে ৰপ্তানি কৰা হোৱা নাছিল । ( Bugzilla #492010- )
				 
- 
					- linux-2.6-misc-utrace-update.patch-  ত এটা optimization ৰ ভুল পোৱা হৈছে । যেতিয়া এটা ৬৪-বিট যন্ত্ৰত ৩২-বিট প্ৰক্ৰিয়া চালাওঁতে হেৰুৱা (বা টেবুলৰ বাহিৰৰ) প্ৰণালীৰ কলত ENOSYS দিয়া হোৱা নাছিল । এই কাৰ্ণেলৰ মুক্তিত ইয়া ক শুধৰুৱাৰ এটা পেচ আছে । ( Bugzilla #481682- )
				 
 
- 
					কিছুমান ক্লাস্টাৰৰ প্ৰণালী এটা অস্থিৰ সময়ৰ উৎসৰে বুট কৰা দেখা গৈছিল । এইটো বুট কৰাৰ সময়ত - TSC(Time Stamp Clock) কেলিব্ৰেত কৰোতে কাৰ্ণেল কোডে এটা মুক্ত কাৰ্য্যৰ কাউন্টাৰ (- PERFCTR) পৰীক্ষা নকৰাৰ কাৰণে হোৱা নিৰ্ধাৰিত কৰা হৈছে ।ইয়াৰ ফলত, কিছু ক্ষেত্ৰত, প্ৰণালী অবিকল্পিতৰূপে ব্যস্ত PERFCTR লৈ গৈছিল আৰু অবিশ্বাসী কেলিব্ৰেছন পাইছিল ।
 - 
					অবিকল্পিত কৰাৰ আগতে প্ৰণালীয়ে এটা মুক্ত  - PERFCTR-  পৰীক্ষা কৰা কাৰ্য্যকৰ কৰাৰ এটা সমাধা নিশ্চিত কৰা হৈছিল ( Bugzilla #467782- )। এই সামধাই, কিন্তু, সকলো কন্টিঞ্জেঞ্চি সন্তুষ্ট নকৰিবও পাৰে কাৰণ এইটো সম্ভৱ যে সকলো  - PERFCTR- সমূহ  - TSC-  কেলিব্ৰেছনৰ সময়ত ব্যস্ত হ'বও পাৰে । এনে ধৰনৰ এটা অভাবনিয় ঘটনাত (১% তকৈও কম ক্ষেত্ৰত) এটা কাৰ্ণেল পেনিক আৰম্ভ কৰাৰ কাৰণে অন্য এটা পেচ অন্তৰ্ভুক্ত কৰা হৈছে । ( Bugzilla #472523- ).
				 
- 
					কোষৰ প্ৰচেচৰ  - spufs-  (Synergistic Processing Units file system) উন্নয়ন কৰিবলৈ এই কাৰ্ণেলৰ মুক্তিত বহুতো পেচ আছে । ( Bugzilla #475620- )
				 
- 
					এটা সমস্যা দেখা গৈছিল য'ত  - /proc/cpuinfo-  য়ে লজিকেল PVR Power7 প্ৰচেচৰৰ স্থাপত্যক "অজ্ঞাত" বুলি কৈছিল যেতিয়া  - show_cpuinfo()-  চলোৱা হৈছিল । এই উন্নয়নে এটা পেচ যোগ কৰে য'ত  - show_cpuinfo()-  য়ে Power7 স্থাপত্যক Power6 হিচাপে চিনি পাই ।( Bugzilla #486649- )
				 
- 
					এই উন্নয়নত বহুত পেচ আছে যি System P ব্যৱহাৰ কৰা যন্ত্ৰত MSI-X (Message Signaled Interrupts) ৰ সমৰ্থন যোগ/উন্নত কৰে ।( Bugzilla #492580- )
				 
- 
					এই মুক্তিত এটা পেচ যোগ কৰা হৈছে যি আগৰ সমস্যাজনক Cell Blades যন্ত্ৰৰ শক্তিৰ বুটামৰ কাৰ্য্যক্ষমতা সক্ৰিয় কৰে । ( Bugzilla #475658- )
				 
			Red Hat Enterprise Linux এ IBM System z যন্ত্ৰৰ বাবে বহুতো নতুন গুণ আৰম্ভ কৰিছে, উল্লেখযোগ্য: 
			
- 
						Named Saved Segments (NSS) ব্যৱহাৰ কৰি, z/VM হাইপাৰ্ভাইছৰে কাৰ্য্যকৰপ্ৰণালীৰ কোডক z/VM অতিথিৰ ভাৰ্চুৱেল যন্ত্ৰৰ কাৰণে ছেয়াৰ্ড স্মৃতিশক্তিৰ পৃষ্ঠাত দিয়ে । এই উন্নয়নত, z/VM ত থকা একাধিক Red Hat Enterprise Linux অতিথি প্ৰণালীয়ে NSS ৰ পৰা বুট কৰিব পাৰে আৰু স্মৃতিশক্তিত অকল এটা Linux কাৰ্ণেলৰ নকলেৰে চলাব পাৰি ।  (BZ#474646)
- 
						নতুন IBM System z PCI cryptography গতিবৰ্ধকৰ কাৰণে এই উন্নয়নত যন্ত্ৰৰ চালকৰ সমৰ্থন যোগ কৰা হৈছে, আগৰ সংস্কৰণৰ সৈতে একেই সংযোগক্ষেত্ৰ ব্যৱহাৰ কৰি ।  (BZ#488496)
- 
						Red Hat Enterprise Linux 5.4 ত প্ৰচেচৰ ডিগ্ৰেডেছনৰ সমৰ্থন আছে, যি কিছু ক্ষেত্ৰত প্ৰচেচৰৰ গতি কম কৰে (যেনে প্ৰণালী গৰম হোৱা) ।  (BZ#474664)-  এই নতুন গুণে অ'ট'মেছন চালনাজ্ঞানক যন্ত্ৰৰ অৱস্থা চাবলৈ সহায় কৰে আৰু সংজ্ঞা দিয়া নীতিৰ মতে কাম কৰিব দিয়ে ।
					 
- Note- 
							z990, z890 আৰু তাৰ পিছৰ প্ৰণালীত প্ৰচেচৰ ডিগ্ৰেডেছন এতিয়া সমৰ্থিত আৰু SCLP প্ৰণালীৰ সেৱাৰ ঘটনাৰ ধৰন 4 event qualifier 3 ৰে দেখা যায় । STSI য়ে নতুন প্ৰচেচৰৰ কাৰ্য্যক্ষমতা এই নথিপত্ৰত প্ৰতিবেদন কৰিব: - /sys/devices/system/cpu/cpuN/capability.
 
- 
						Control Program Identification (CPI) বিস্তৃত তথ্য ব্যৱহাৰ কৰা হয় Hardware Management Console (HMC) ত ব্যক্তিগত প্ৰণালী চিনি পাবলৈ । এই উন্নয়নৰ লগত, CPI তথ্যক এতিয়া এটা Red Hat Enterprise Linux ৰ ইনস্টেন্সৰ লগত সম্বন্ধিত কৰিব পাৰি ।  (BZ#475820)
- 
						Fibre Channel Protocol (FCP) কাৰ্য্যৰ তথ্য এতিয়া IBM System z স্থাপত্যত Red Hat Enterprise Linux ইনস্টেন্সত যুখিব পাৰি ।  (BZ#475334)-  গোটোৱা আৰু প্ৰতিবেদন কৰা মেট্ৰিক্সত থাকে: 
						 - 
									স্টেক অংশৰ কাৰ্য্য সম্বন্ধী তথ্য যেনে Linux যন্ত্ৰ, Small Computer System Interface (SCSI) Logical Unit Numbers (LUNs) আৰু Host Bus Adapter (HBA) ভঁৰালৰ নিয়ন্ত্ৰকৰ তথ্য ।
								 
- 
									প্ৰতি স্টেকৰ অংশ: প্ৰাসঙ্গিক জোখৰ বৰ্ত্তমানৰ মান যেনে থ্ৰুপুট, ইউতিলাইজেছন আৰু অন্য প্ৰযোজ্য যোখ ।
								 
- 
									I/O অনুৰোধৰ সৈতে সম্বন্ধিত তথ্যৰ পৰিসংখ্যাৰ সমষ্টি (সৰ্বনিম্ন, সৰ্বাধিক, গঢ় আৰি হিস্টোগ্ৰাম) য'ত অন্তৰ্ভুক্ত থাকে আকাৰ, প্ৰতি অংশৰ লেটেন্সি আৰু মুঠ ।
								 
 
- 
						EMC Symmetrix Control I/O ৰ সমস্যাৰ কাৰণে কাৰ্ণেলত সমৰ্থন যোগ কৰা হৈছে । এই উন্নয়নে Red Hat Enterprise Linux ৰ সৈতে IBM System z স্থাপত্যত EMC Symmetrix storage arrays ক পৰিচালিত কৰিব দিয়ে ।  (BZ#461288)
- 
						কাৰ্ণেলত এটা নতুন গুণ দিয়া হৈছে যি এটা Red Hat Enterprise Linux ভাৰ্চুৱেল যন্ত্ৰত এটা কাৰ্ণেল পেনিক আৰু ডাম্পৰ পিছতেই এটা Initial Program Load (IPL) কৰিব । (BZ#474688)
- 
						বিন্যাস টপলজি সমৰ্থন কৰা যান্ত্ৰিক সামগ্ৰীয়ে ছেডিউলাৰলৈ প্ৰণালীৰ CPU টপলজি তথ্য পাছ কৰে,যাপ ফলত ল'ড বেলেঞ্চিংৰ সিদ্ধান্ত ল'ব পাৰে । অসমভাবে বিতৰণ কৰা I/O ইন্টাৰাপ্টৰ যন্ত্ৰত, একগোট কৰা CPU সমূহ আৰু অন্যতকৈ অধিক পোৱা I/O ইন্টাৰাপ্টত উচ্চ গঢ়ৰ ভাৰ থাকে, যাৰ ফলত কিছু ক্ষেত্ৰত কাৰ্য্যক্ষমতাৰ সমস্যা দেখা যায় ।
					 - 
						আগতে, CPU টপলজিৰ সমৰ্থন অবিকল্পিতৰূপে সক্ৰিয় আছিল । এই উন্নয়নৰ লগত, অবিকল্পিতৰূপে CPU টপলজিৰ সমৰ্থন নিষ্ক্ৰিয় কৰা হৈছে, আৰু "topology=on" কাৰ্ণেল স্থিতিমাপ যোগ কৰা হৈছে এই গুণ সক্ৰিয় কৰিবলৈ ।  (BZ#475797)
- 
						নতুন কাৰ্ণেলৰ বিকল্পপক এতিয়া যোগ কৰিব পাৰি IPL আদেশ ব্যৱহাৰ কৰি CMS parmfile ৰ বিষয়বস্তু সলনি নকৰি, যাৰ ফলত কাৰ্ণেলৰ বিকল্পত পুনঃ লিখিব পাৰি যি ইতিমধ্যে parmfile এ দিছে । সম্পূৰ্ণ বুট আদেশৰ শাৰীক VM স্থিতিমাপৰ শব্দৰে সলনি কৰিব পাৰি, আৰু parmfile ৰ কাৰ্ণেলৰ সকলো বিকল্প আওকাণ কৰি । আৰু, গ্ৰাহকে নতুন Linux Named Saved Systems (NSS) সৃস্টি কৰিব পাৰে CP/CMS আদেশ শাৰীত ।  (BZ#475530)
- 
						z9 HiperSocket ফাৰ্মৱেৰৰ লগত আৰম্ভ কৰিলে এটা বেলেগ আকৃতিত সংস্কৰণৰ শব্দ দিয়ে । এই সলনিৰ ফলত qeth অৱস্থাৰ সম্বাদত হেৰুৱা mcl_level তথ্য পোৱা গৈছিল যেতিয়া যন্ত্ৰৰ অনলাইন প্ৰতিষ্ঠা কৰা হৈছিল । উন্নত qeth চালকে এতিয়া শুদ্ধকে HiperSockets ৰ নতুন স্ট্ৰিং আকৃতি পঢ়ে, যাৰ ফলত নিৰ্গমৰ আকৃতি মানপ্ৰাপ্ত ধৰণে চাব পাৰি ।  (BZ#479881)
- 
						Red Hat Enterprise Linux 5.4 ত,  - s390utils-  সৰঞ্জামক ১.৮.১ লৈ পুনঃ স্থাপিত কৰা হৈছে । ইয়াৰ গুণৰ সম্পূৰ্ণ তালিকাৰ বাবে, অনুগ্ৰহ কৰি  (BZ#479881)-  ৰ সৰঞ্জাম উন্নতিৰ অধ্যায় চাওক ।  (BZ#477189)
8.1. কাৰ্ণেলৰ সাধাৰণ বৈশিষ্ট্যৰ সমৰ্থন
- 
					আগতে, মূল কাৰ্ণেলৰ পৰা ৰ যন্ত্ৰৰ বাবে সমৰ্থন ব্যৱস্থা অবচিত কৰা হৈছিল, কিন্তু বৰ্তমানে সেইটো পুনৰায় সংযোজন কৰা হৈছে । ইয়াৰ ফলত, Red Hat Enterprise Linux 5.4-ত ৰ যন্ত্ৰৰ বাবে সমৰ্থনৰ বৈশিষ্ট্য যোগ কৰা হৈছে । ইয়াৰ ওপৰতিও, ৰ যন্ত্ৰসমূহৰ বাবে আগতে আঁতৰুৱা initscripts সৰঞ্জাম উন্নয়ন কৰা হৈছে ।  (BZ#472891)
- 
					- mmu-notifiers-  নোহোৱা KVM guest-smp tlb ফ্লাশিংৰ ফলত স্মৃতিশক্তি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাবনা আছে । অতিথি মোডত অন্য এটা  - vcpu-  দ্বাৰা kernel freelist লৈ পেজে লিখাৰ সময়ত KVM দ্বাৰা একেই স্থানত পেজ সংযোজনৰ ফলত এই সমস্যা দেখা দিব পাৰে । এই উন্নয়ন কাৰ্ণেলত  - mmu-notifier-  সমৰ্থন ব্যৱস্থা যোগ কৰা হৈছে । এটা বাগৰ কাৰণে উপস্থিত চালকসমূহ দ্বাৰা  - mm_struct-  নিৰ্মিত হয় আৰু kABI পৰীক্ষা বিফল হয় । এই বাগও বৰ্তমান উন্নয়নত সংশোধন কৰা হৈছে আৰু সংশোধন কৰাৰ বাবে এটা অব্যৱহৃত পেডিং হোলত উপস্থিত এটা ইন্ডেক্স প্ৰয়োগ কৰা হৈছে যাৰ ফলত স্ট্ৰাকচাৰৰ মাপ বৃদ্ধি কৰা নহয় । ( Bugzilla #485718- )
				 
 
- 
					Linux kernel-ত আগতে পইন্টাৰৰ আৰু চাইন্ড এৰিথমেটিক ওভাৰফ্লোৰ ৰেপিং বেখ্যা কৰা নহয় । ইয়াৰ ফলত, ওভাৰ-ফ্লো পৰীক্ষণৰ বাবে কাৰ্ণেল দ্বাৰা প্ৰয়োজনীয় এৰিথমেটিকৰ ক্ষেত্ৰত  GCC-  (GNU C Compiler) দ্বাৰা ৰেপিং ব্যৱস্থাৰ অনুপস্থিতি অনুমান কৰা হ'ব আৰু এৰিথমেটিক সৰ্বোত্তম অৱস্থাত নিৰ্ধাৰণৰ প্ৰচেষ্টা কৰা হ'ব । ৰেপিং প্ৰক্ৰিয়াৰ আচৰণ বেখ্যা কৰাৰ উদ্দেশ্যে এই উন্নয়ন দ্বাৰা  GCC- CFLAGS- -ত  - -fwrapv-  ফ্ল্যাগ যোগ কৰা হ'ব । ( Bugzilla #491266- )
				 
- 
					TPC-C (ট্ৰানসাকছন প্ৰচেচিং কাউনছিল) বেঞ্চ-মাৰ্কিং প্ৰক্ৰিয়া দ্বাৰা উচ্চ ক্ষমতাবিশিষ্ট প্ৰণালীত একাধিক প্ৰচেচ দ্বাৰা স্মৃতিশক্তিৰ একেই অৱস্থান প্ৰয়োগৰ প্ৰচেষ্টাৰ ফলত উৎপন্ন এটা সমস্যা চিনাক্ত কৰা হৈছে । এই উন্নয়নত  - fast-gup-  পেচ অন্তৰ্ভুক্ত কৰা হৈছে । এই পেচসমূহৰ দ্বাৰা সৰাসৰি নিবেশ-নিৰ্গম প্ৰয়োগ কৰা হয় আৰু ইয়াৰ ফলত কাম ক্ষমতা উল্লেখযোগ্যভাবে (৯-১০% অবধি) বৃদ্ধি হয় । এই উন্নয়ন পুঙ্খানুপুঙ্খভাবে পৰীক্ষিত হৈছে আৰু কাম পৰিধি বৃদ্ধিৰ উদ্দেশ্যে ৫.৪-ৰ কাৰ্ণেলত ব্যৱহাৰ কৰা হৈছে । অধিক বিৱৰণৰ বাবে এই  প্ৰবন্ধটি- পঢ়ক । ( Bugzilla #474913- )
				 
- 
					কাৰ্ণেলত এটা পৰিবৰ্তনযোগ্য নতুন পৰামিতি যোগ কৰা হৈছে । ইয়াৰ ফলত, প্ৰতিবাৰ  - kupdate-  সঞ্চালনসময়ত প্ৰতি চক্ৰত ইয়াৰ দ্বাৰা ডিস্কত লিখা পৃষ্ঠাৰ সৰ্বাধিক সংখ্যা পৰিবৰ্তন কৰা যাব । পৰিবৰ্তনযোগ্য নতুন এই মান  - /proc/sys/vm/max_writeback_pages- -ৰ ক্ষেত্ৰত  - 1024-  অৰ্থাৎ ৪ মেগাবাইট মান প্ৰয়োগ কৰা হয় । ইয়াৰ ফলত  - kupdate-  সঞ্চালনসময়ত প্ৰতি চক্ৰত ১০২৪ পৃষ্ঠা লিখা হয় । ( Bugzilla #479079- ) ।
				 
- 
					প্ৰতি প্ৰচেচৰ বাবে নিবেশ-নিৰ্গম পৰিসংখ্যান নিৰীক্ষণত সহায়ত বাবে কাৰ্ণেলত এটা নতুন বিকল্প ( - CONFIG_TASK_IO_ACCOUNTING=y- ) যোগ কৰা হৈছে । প্ৰধান কামক্ষেত্ৰত সমস্যাসমাধানৰ বাবে ইয়াৰ বিশেষ সহায়ক ( Bugzilla #461636- ) ।
				 
- 
					পূৰ্ববৰ্তী কাৰ্ণেলত, বেক-আপ প্ৰচেচ দ্বাৰা DB2 সেৱকৰ প্ৰতিক্ৰিয়াৰ ক্ষমতা হ্ৰাস কৰা হয় । মেপ নকৰা pagecache স্মৃতিশক্তিৰ অৰ্ধেকৰ পৰা অধিক পৰিমাণ dirty অৱস্থাত থকা সময়ত  - /proc/sys/vm/dirty_ratio-  দ্বাৰা প্ৰচেচসমূহক pagecache স্মৃতিশক্তিত লিখিবলৈ বাধা সৃষ্ কৰাৰ ফলত এই সময়্যা দেখা দিয়ে ( - dirty_ratio- -ৰ পৰিমাণ ১০০% নিৰ্ধাৰিত হোৱা সত্ত্বেও) । কাৰ্ণেলত কৰা পৰিবৰ্তনৰ ফলত, সীমাৰেখা নিৰ্ধাৰণকৰ্তা এই মান উপেক্ষা কৰা হ'ব । এতিয়া, যেতিয়া  - dirty_ratio-  ১০০% নিৰ্ধাৰিত হয়, প্ৰণালী দ্বাৰা pagecache স্মৃতিশক্তিত লিখাৰ সময় কোনো সীমাৰেখা আৰোপ কৰা নহয় । ( Bugzilla #295291- )
				 
- 
					পূৰ্ববৰ্তী কাৰ্ণেলৰ ramdisk চালকত উপস্থিত  - rd_blocksize-  বিকল্পৰ ফলত, প্ৰণালীৰ ওপৰত কামৰ সাধাৰণ চাপ সহ অৱস্থায় বৃহৎ পৰিমাণ ramdisk ব্যৱহাৰসময়ত তথ্য ক্ষতিগ্ৰস্ত হৈছিল । এই উন্নয়নত এই অপ্ৰয়োজনীয় বিকল্প আঁতৰুৱা হৈছে আৰু তথ্য ক্ষতিগ্ৰস্তৰ সমস্যা আঁতৰুৱা হৈছে । ( Bugzilla #480663- )
				 
- 
					- getrusage-  আপেক্ষকৰ সহায়ত কোনো প্ৰচেচ দ্বাৰা সম্পদৰ ব্যৱহাৰ পৰীক্ষা কৰা যাব । সমস্যাৰ কাৰণ নিৰ্ণয় আৰু সম্পদৰ ব্যৱহাৰ সম্পৰ্কিত তথ্য সংগ্ৰহৰ বাবে এইটো বিশেষ সহায়ক ।  - getrusage-  দ্বাৰা নিৰীক্ষিত কোনো প্ৰচেচ দ্বাৰা চাইল্ড প্ৰচেচ থ্ৰেড নিৰ্মিত হ'লে, উৎপন্ন ফলাফল সঠিক নোহোৱাৰ সম্ভাবনা থাকে কাৰণ  - getrusage-  দ্বাৰা অকল উৰ্ধ্বতন প্ৰচেচ পৰীক্ষিত হ'ব আৰু চাইল্ড প্ৰচেচসমূহ পৰীক্ষিত নহয় । এই পৰিস্থিতিত সঠিকৰূপে সম্পদৰ ব্যৱহাৰ সম্পৰ্কিত তথ্য সংগ্ৰহ নিশ্চিত কৰাৰ বাবে বৰ্তমানে উন্নয়নত  - rusadge_thread-  স্থাপন কৰা হৈছে । ( Bugzilla #451063- )
				 
 
- 
					- /usr/include/linux/futex.h-  হেডাৰ দ্বাৰা আগতে, C উৎস কোড নথিপত্ৰৰ সংকলণৰ বিঘ্ন সৃষ্ কৰা হয় আৰু ইয়াৰ ফলত সমস্যা উৎপন্ন হয় । এই উন্নয়নত অন্তৰ্ভুক্ত এটা পেচ দ্বাৰা সমস্যাযুক্ত kernel only ব্যাখ্যাসমূহ সংশোধন কৰা হৈছে আৰু সংকলণ সংক্ৰান্ত ত্ৰুটিসমূহ ইয়াৰ ফলত মীমাংসা কৰা হ'ব । ( Bugzilla #475790- )
				 
 
- 
					পূৰ্ববৰ্তী কাৰ্ণেলৰ ক্ষেত্ৰত, পেনিক পৰিস্থিতিত অথবা oops নিৰ্গম বাৰ্তাত কাৰ্ণেলৰ সংস্কৰণ চিনাক্ত কৰা সম্ভব নহয় । এই উন্নয়নৰ ফলত oops আৰু পেনিকৰ নিৰ্গমত কাৰ্ণেলৰ সংস্কৰণ যোগ কৰা হয় । ( Bugzilla #484403- )
				 
- 
					2.6.18 মুক্তিৰ সময়ত glibc সৰঞ্জামৰ বাবে kernel-header উপলব্ধ কৰাৰ উদ্দেশ্যে কাৰ্ণেল বিন্যাস কৰা হৈছিল । এই প্ৰক্ৰিয়াৰ ফলত, সন্নিবেশৰ উদ্দেশ্যে একাধিক নথিপত্ৰ ভূলভাবে চিহ্নিত কৰা হয় ।  - serial_reg.h-  নথিপত্ৰ ভূলভাবে চিহ্নিত কৰা হয় আৰু  - kernel_headers-  rpm-ত অন্তৰ্ভুক্ত কৰা নহয় । ইয়াৰ ফলত অন্যান্য rpm নিৰ্মাণত সমস্যা দেখা দিয়ে । এই উন্নয়নত  - serial_reg.h-  নথিপত্ৰ যোগ কৰা হৈছে আৰু এই সমস্যা সমাধান কৰা হৈছে । ( Bugzilla #463538- )
				 
- 
					কিছু পৰিস্থিতিতে  HP Unified Parallel C-  (UPC) উৎপাদনৰ প্ৰচেচ পৰিচালন ব্যৱস্থা  - upcrund-  দ্বাৰা এটা ESRCH ফলাফল উপলব্ধ কৰা হয় আৰু এটা উপ-থ্ৰেড দ্বাৰা ফৰ্ক কৰা চাইল্ড প্ৰচেচৰ বাবে  - setpgid()-  কল কৰাৰ সময় ব্যৰ্থ হয় । এই সমস্যা সমাধানৰ বাবে বৰ্তমান উন্নয়নত এটা পেচ অন্তৰ্ভুক্ত কৰা হৈছে । ( Bugzilla #472433- )
				 
- 
					চলমান প্ৰচেচ সম্পৰ্কে বেক-ট্ৰেছ তথ্য প্ৰদৰ্শনৰ বাবে  - sysrq-t- -ত কাৰ্য্যক্ষমতা যোগ কৰা হৈছে । স্তব্ধ প্ৰণালী ডিবাগ কৰাৰ উদ্দেশ্যে ইয়াৰ বিশেষ সহায়ক হ'ব । ( Bugzilla #456588- )
				 
				কোৰ ডাম্প নিৰ্মাণৰ অতিৰিক্ত বৈশিষ্ট্যৰ সহায়ত Red Hat Enterprise Linux 5.4-ত কাৰ্ণেল ডিবাগ কৰাৰ প্ৰক্ৰিয়া উন্নত কৰা হৈছে । প্ৰণালী আৰু কাৰ্ণেলৰ বিপৰ্যয় ডিবাগ কৰাৰ বাবে কোৰ ডাম্প (স্মৃতিশক্তি স্ন্যাপ-ছট) বিশেষ সহায়ক । এই উন্নয়নৰ ফলত, hugepage ব্যৱহাৰকৰ্তা প্ৰণালীত কোৰ ডাম্প কৰা সম্ভব হ'ব । 
(BZ#470411) ইয়াৰ ওপৰতিও, বৰ্তমানে
makedumpfile আদেশ প্ৰয়োগ কৰি কোৰ ডাম্প নথিপত্ৰ (vmcore)ৰ পৰা কাৰ্ণেল পেনিক সম্পৰ্কিত বাৰ্তা প্ৰাপ্ত কৰা যাব । 
(BZ#485308)
			
				
			
8.2. প্লেটফৰ্মত সাধাৰণ সমৰ্থন ব্যৱস্থা
			কাৰ্ণেলত উপস্থিত Advanced Configuration and Power Interface (ACPI) প্ৰয়োগ ব্যৱস্থাৰ বাবে Throttling State (T-State) সূচনাবাৰ্তাৰ সমৰ্থন ব্যৱস্থা যোগ কৰা হৈছে । T-State সূচনাবাৰ্তাৰ সহায়ত, তথ্য কেন্দ্ৰত বিদ্যুৎ সৰবৰাহ পৰিচালনাৰ বাবে Intel® Intelligent Power Node Manager প্ৰযুক্তিৰ ব্যৱহাৰ উন্নত কৰা হয় । 
 (BZ#487567).
		8.3. চালক সংক্ৰান্ত উন্নয়ন
8.3.1. Open Fabrics Enterprise Distribution (OFED) চালক
				OpenFabrics Alliance Enterprise Distribution (OFED) মূলত চিহ্নিত সৰঞ্জামসমূহৰ গোট: সমস্যাৰ কাৰণ নিৰ্ণয়ৰ উদ্দেশ্যে কিছু Infiniband আৰু iWARP ৰ লগত যান্ত্ৰিক সামগ্ৰী, Infiniband fabric পৰিচালনাৰ ডেমন, Infiniband/iWARP কাৰ্ণেল মডিউল লোডাৰ আৰু দূৰৰ ডিৰেক্ট মেমৰি একচেচ (RDMA) প্ৰযুক্তি প্ৰয়োগকাৰী এপ্লিকেশন লিখাৰ লাইব্ৰেৰী । Infiniband/iWARP/RDMA যান্ত্ৰিক সামগ্ৰী সমৰ্থনৰ সম্পূৰ্ণ স্টেকৰ ৰূপত, Red Hat Enterprise Linux দ্বাৰা OFED চালনাজ্ঞানৰ স্টেক ব্যৱহাৰ কৰা হয় ।
			
				Red Hat Enterprise Linux 5.4-ত, OFED-ৰ নিম্নলিখিত অংশসমূহ মূল প্ৰকল্পৰ 1.4.1-rc3 সংস্কৰণে উন্নয়ন কৰা হৈছে 
				
- 
							ৰিমোট ডিৰেক্ট স্মৃতিশক্তি একচেচ (RDMA) হেডাৰ  (BZ#476301)
				ইয়াৰ ওপৰতিও, নিম্নলিখিত OFED চালকসমূহক মূল প্ৰকল্পৰ 1.4.1-rc3 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে: 
				
			Note
					Red Hat এ ওচৰেৰে শেহতীয়া OFED কোড বেচ পৰীক্ষা কৰি থাকে যাতে এই প্ৰগতিশীল প্ৰযুক্তিবিদ্যাৰ সৰ্বাধিক স্তৰৰ সক্ৰিয়কৰণ দিব পাৰি । ইয়াৰ ফলত, Red Hat এ সৰু-সুৰা মুক্তিত শেহতীয়া প্ৰকল্পৰ মতে অকল API/ABI সুসঙ্গত হোৱা ৰক্ষা কৰিব পাৰে । এইটো Red Hat Enterprise Linux ৰ বিকাশৰ সাধাৰণ আচৰণতকৈ এটা অব্যাহতি ।
				
8.3.2. চালক সংক্ৰান্ত সাধাৰণ উন্নয়ন
8.3.3. নেটৱৰ্ক চালকৰ উন্নয়ন
- 
						বন্ডিং চালকক শেহতীয়া সংস্কৰণলৈ উন্নত কৰা হৈছে । এই উন্নয়নে, কিন্তু symbol/ipv6 মডিউল নিৰ্বৰতাৰ কাৰ্য্যক্ষমতা অন্তৰ্ভুক্ত কৰিছে । সেইকাৰণে যদি IPv6 ক আগতে নিষ্ক্ৰিয় কৰা হৈছে - /etc/ modprobe.confনথিপত্ৰত- install ipv6 /bin/falseশাৰী ভৰাই) 5.4 ৰ বন্ডিং চালকলৈ উন্নত কৰিলে বন্ডিং কাৰ্ণেল তুলি লওঁতে বিফল হোৱাৰ পৰিণাম হ'ব ।- install ipv6 /bin/falseশাৰীক- install ipv6 "disable=1শাৰীৰে সলনি কৰিব লাগিব যাতে মডিউল শুদ্ধভাবে তুলি ল'ব পাৰি ।
 
- 
						Intel® I/O Acceleration Technology (Intel® I/OAT)-ৰ বাবে কাৰ্ণেলত উপস্থিত ড্ৰাইভাসমূহ ২.৬.২৪ সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । (BZ#436048)- .
					 
- 
						Intel® Gigabit Ethernet Adapters-ৰ বাবে  - igb-  চালক ১.৩.১৬-k2 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । এই উন্নয়নত  - igb-  চালকৰ বাবে GRO সমৰ্থনও যোগ কৰা হৈছে ।  (BZ#484102,  BZ#474881, BZ#499347) ।
- 
						Intel 82576 গিগাবিট ইথাৰনেট কন্ট্ৰোলাৰৰ বাবে ভাৰ্চুৱেল আপেক্ষক সমৰ্থন ব্যৱস্থা উপলব্ধ কৰাৰ উদ্দেশ্যে  - igbvf-  চালক উন্নয়ন কৰা হৈছে ।  (BZ#480524)
- 
						Intel 10 Gigabit PBetaCI Express নেটৱৰ্ক যন্ত্ৰৰ বাবে  - ixgbe-  চালক ২.০.৮-k2 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । এই উন্নয়নত  - ixgbe-  চালকৰ বাবে GRO সমৰ্থনও যোগ কৰা হৈছে । (BZ#472547, BZ#499347) ।
- 
						Broadcom Tigon3 ইথাৰনেট যন্ত্ৰৰ বাবে  - tg3-  চালক ৩.৯৬ সংস্কৰণত উন্নয়ন কৰা হৈছে ।  (BZ#481715,  BZ#469772) ।-  চালকৰ এই উন্নয়নৰ ফলত 5785F আৰু 50610M যন্ত্ৰৰ বাবে সমৰ্থন ব্যৱস্থা যোগ কৰা হৈছে ।  (BZ#506205)
- 
						- bnx2-  নেটৱৰ্ক যন্ত্ৰৰ বাবে ইন্টাৰনেট স্মল কম্পিউটাৰ প্ৰণালী সংযোগক্ষেত্ৰ (iSCSI) সমৰ্থনব্যৱস্থা উপলব্ধ কৰাৰ উদ্দেশ্যে  - cnic-  চালক যোগ কৰা হৈছে ।  (BZ#441979)-  ।
					 
 
- 
						Broadcom Everest নেটৱৰ্ক যন্ত্ৰৰ বাবে  - bnx2x-  চালক 1.48.105 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । (BZ#475481)-  ।
					 
- 
						- bnx2x-  নেটৱৰ্ক যন্ত্ৰৰ বাবে iSCSI সমৰ্থন ব্যৱস্থা উপলব্ধ কৰাৰ উদ্দেশ্যে  - bnx2i-  চালক যোগ কৰা হৈছে ।  (BZ#441979)-  ।
					 
 
- 
						নেটৱৰ্ক যন্ত্ৰৰ Chelsio T3 শ্ৰেণীৰ বাবে cxgb3 চালক উন্নয়ন কৰা হৈছে । ইয়াৰ ফলত iSCSI TCP অফ-লোড ইঞ্জিন (TOE) আৰু জেনৰিক ৰিসিভ অফ-লোড (GRO) সমৰ্থন সক্ৰিয় কৰা হ'ব ।  (BZ#439518- ,  BZ#499347)
- 
						NVIDIA nForce যন্ত্ৰৰ বাবে  - forcedeth-  ইথাৰ্নেট চালক ০.৬২ সংস্কৰণে উন্নয়ন কৰা হৈছে ।  (BZ#479740) ।
- 
						Marvell Yukon 2 চিপ-চেট প্ৰয়োগকৰ্তা ইথাৰনেট কন্ট্ৰোলাৰৰ সৈতে ব্যৱহাৰযোগ্য ky2 চালকসমূহ উন্নয়ন কৰা হৈছে ।  (BZ#484712) ।
- 
						Cisco 10G ইথাৰনেট যন্ত্ৰৰ বাবে উপলব্ধ enic চালক ১.০.০.৯৩৩ সংস্কৰণলৈ উন্নয়ন কৰা হৈছে ।  (BZ#484824)
- 
						Intel PRO/1000 ইথাৰনেট যন্ত্ৰৰ সৈতে ব্যৱহাৰযোগ্য e1000e চালক মূল প্ৰকল্পৰ ১.০.২-k2 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে  (BZ#480241)
- 
						Emulex Tiger Shark মিশ্ৰিত নেটৱৰ্ক এডাপ্টাৰসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য be2net চালক প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ৰূপে যোগ কৰা হৈছে ।
					 
8.3.4. ভঁৰাল চালক সংক্ৰান্ত উন্নয়ন
- 
				- bnx2-  চালক দ্বাৰা বৰ্তমানে iSCSI সমৰ্থিত হ'ব । iSCSI অফ-লোড সমৰ্থনৰ উদ্দেশ্যে  - bnx2i-  চালক  - cnic-  অংশৰ মাধ্যমে  - bnx2-  চালকৰ সৈতে সংযোগ স্থাপন কৰিব ।  - bnx2i-  পৰিচালনাৰ বাবে,  - iscsi-initiator-utils-  সৰঞ্জাম ব্যৱহাৰ কৰক ।  - bnx2i- -ৰ বিন্যাস সম্পৰ্কে অধিক জানিবলৈ  - /usr/share/docs/iscsi-initiator-utils-- <version>/README
-  নথিপত্ৰৰ  section 5.1.2-  বিভাগ পঢ়ক । ( BZ#441979-  and  BZ#441979- )
			 
 - 
				উল্লেখ্য, বৰ্তমান মুক্তিৰ সৈতে অন্তৰ্ভুক্ত - bnx2i-ৰ সংস্কৰণ দ্বাৰা IPv6 সমৰ্থন কৰা নহয় ।
 
- 
				bitmap merging- -ৰ বাবে সমৰ্থন উপলব্ধ কৰাৰ উদ্দেশ্যে  - md-  চালক উন্নয়ন কৰা হৈছে । এই বৈশিষ্ট্যৰ উপস্থিতিৰ ফলত তথ্যৰ প্ৰতিলিপি নিৰ্মাণৰ সময়ত সম্পূৰ্ণ resync-ৰ প্ৰয়োজন নহয় । ( BZ#481226- )
			 
 
- 
				এই মুক্তিত উপলব্ধ - scsiলেয়াৰৰ ক্ষেত্ৰত নিম্নলিখিত উন্নয়নসমূহ উপলব্ধ কৰা হৈছে:
 
- 
				মূল প্ৰকল্পত হোৱা বহুতো কিছু সংশোধন আৰু iSCSI TOE যন্ত্ৰৰ বাবে সমৰ্থন ব্যৱস্থা উপলব্ধ কৰাৰ উদ্দেশ্যে  - cxgb3-  চালক উন্নয়ন কৰা হৈছে । ( BZ#439518- )
			 
- 
				উল্লেখ্য, বৰ্তমান মুক্তিৰ সৈতে উপলব্ধ - cxgb3i-ৰ সংস্কৰণ দ্বাৰা IPv6 সমৰ্থিত নহয় ।
 
- 
				বৰ্তমান মুক্তিত - mpt2sasচালক নতুন যোগ কৰা হৈছে । এই চালকৰ সহায়ত LSI Logic দ্বাৰা উপলব্ধ SAS-2 শ্ৰেণীৰ এডাপ্টাৰসমূহ সমৰ্থিত হ'ব । SAS-2-ৰ সহায়ত সৰ্বাধিক তথ্য সৰবৰাহৰ হাৰ ৩ গিগাবাইট/ছেকেণ্ডৰ পৰা ৬ গিগাবাই/ছেকেণ্ডলৈ বৃদ্ধি কৰা হৈছে ।
 - 
				- mpt2sas-  চালক  - drivers/scsi/mpt2sas-  পঞ্জিকাত স্থাপন কৰা হৈছে । পূৰ্ববৰ্তী  - mpt-  চালকসমূহ  - drivers/message/fusion-  পঞ্জিকাত অৱস্থিত থাকিব । ( BZ#475665- )
			 
 
- 
				- aacraid-  চালক ১.১.৫-২৪৬১ সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । এই উন্নয়নৰ ফলত, মূল প্ৰকল্পত সংশোধিত বহুতো কিছু বাগ সংশোধন কৰা হৈছে । এই বাগসমূহৰ ফলত অপেক্ষাৰত স্কেন, কন্ট্ৰোলাৰ বুটৰ সমস্যা আৰু অন্যান্য বহুতো কিছু সমস্যা সৃষ্টি হয় । ( BZ#475559- )
			 
 
- 
				- aic7xxxচালক দ্বাৰা বৰ্তমানে নিবেশ/নিৰ্গমৰ সৰ্বাধিক পৰিমাণ বৃদ্ধি কৰা হ'ব । ইয়াৰ ফলত, সমৰ্থিত যন্ত্ৰসমূহ (যেনে SCSI টেপ যন্ত্ৰ) দ্বাৰা বৃহৎ পৰিমাণৰ প্ৰশমক সহযোগে লিখা সম্ভব হ'ব ।
 
- 
				স্মৃতিশক্তিৰ BAR চিনাক্তকৰণ, - rebuild_lun_tableআৰু MSA2012 স্কেন থ্ৰেড সংক্ৰান্ত বাগৰ বাবে মূল প্ৰকল্পত হোৱা সংশোধনসমূহ- ccissচালকৰ এই উন্নয়নত অন্তৰ্ভুক্ত কৰা হৈছে ।- cciss-ত বিন্যাস সংক্ৰান্ত কিছু পৰিবৰ্তনও কৰা হৈছে ।
 
- 
				- fnic-  চালক 1.0.0.1039 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । ইয়াৰ ফলত, মূল প্ৰকল্পত সংশোধিত বহুতো কিছু বাগ সহ,  - libfc-  আৰু  - fcoe-  অংশ উন্নয়ন কৰা হৈছে । ইয়াৰ উপৰিও, কৰ্মসঞ্চালনৰ সময়ত ডিবাগ লগিং ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে এটা নতুন অংশ স্থিতিমাপ যোগ কৰা হৈছে । ( BZ#484438- )
			 
 
- 
				- ipr-  চালক দ্বাৰা বৰ্তমানে MSI-X ইন্টাৰাপ্ট সমৰ্থিত হ'ব । ( BZ#475717- )
			 
 
- 
				- lpfc-  চালক 8.2.0.48 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । ইয়াৰ ফলত, ভবিষ্যতৰ OEM প্ৰোগ্ৰামৰ বাবে যান্ত্ৰিক সমাগ্ৰী সমৰ্থন ব্যৱস্থা সক্ৰিয় কৰা হ'ব । ইয়াৰ উপৰিও, এই উন্নয়ন দ্বাৰা বহুতো কিছু বাগ সংশোধিত হৈছে । যেনে:( BZ#476738-  আৰু  BZ#509010- )
			 
 - 
						ভাৰ্চুয়ালাইজ কৰা ফাইবাৰ-চেনেল চুইচ বৰ্তমানে সমৰ্থিত হ'ব ।
					 
- 
						ত্ৰুটিৰ সূচনাপ্ৰদানকাৰী ইন্টাৰাপ্টৰ বাবে বৰ্তমানে পোলিং ব্যৱস্থা উপলব্ধ ।
					 
- 
						- vport createআৰু- delete loop-ত স্মৃতিশক্তি লিক সৃষ্টিকাৰী এটা বাগ সংশোধিত হৈছে ।
 
 
- 
				এই উন্নয়নৰ ফলত,  - lpfc-  চালক দ্বাৰা বৰ্তমানে  HBAnyware 4.1-  আৰু  OneConnect UCNA-  সমৰ্থিত হ'ব । ( BZ#498524- )
			 
- 
				- MPT fusion-  চালক বৰ্তমানে ৩.০৪.০৭rh v2 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । ইয়াৰ ফলত বহুতো কিছু বাগ সংশোধিত হৈছে । যেনে: ( BZ#475455- )
			 
 - 
						- MPT fusionচালকৰ এটা বাগৰ ফলত PAE কাৰ্ণেল সহযোগে প্ৰণালী বুট কৰিবলৈ প্ৰতিৰোধ কৰা হয় । এই সমস্যা সংশোধিত হৈছে ।
 
- 
						চালক আন-লোড কৰাৰ পিছত কন্ট্ৰোলাৰৰ অৱস্থা - READY_STATEৰূপে ধাৰ্য কৰা হয় ।
 
- 
						ট্ৰান্সপোৰ্ট লেয়াৰত যন্ত্ৰ যোগ কৰাৰ পূৰ্বে - mptsasচালক দ্বাৰা বৰ্তমানে- TUR(টেস্ট ইউনিট ৰেডি) আৰু- Report LUNআদেশসমূহ যোগ কৰা হয় ।
 
 
- 
				ইয়াৰ উপৰিও, এটা পেচৰ উপস্থিতিৰ ফলত - mptctl_ioctl()দ্বাৰা অপ্ৰত্যাশিতভাবে অসংখ্য কাৰ্ণেলৰ ত্ৰুটিৰ বাৰ্তা উৎপন্ন কৰা হয় । এই বাৰ্তাসমূহ ক্ষতিকৰ নহয় । সংশ্লিষ্ট পেচ প্ৰত্যাহাৰ কৰা হৈছে আৰু- mptctl_ioctl()দ্বাৰা এই বাৰ্তাসমূহ বৰ্তমানে সৃষ্টি কৰা নহয় ।
 
- 
				- megaraid_sas-  চালক 4.08-RH1 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । এই উন্নয়নৰ ফলত বহুতো কিছু বৈশিষ্ট্য সংযোজন আৰু বাগ সংশোধিত হৈছে । যেনে:( BZ#475574- )
			 
 - 
						চালকত পোলিং মোড যোগ কৰা হৈছে ।
					 
- 
						সমৰ্থিত টেপ ড্ৰাইভত প্ৰভাব সৃষ্টিটিকাৰী এটা বাগ ইয়াত সংশোধন কৰা হৈছে । বৰ্তমান মুক্তিত, টেপ ড্ৰাইভৰ উদ্দেশ্যে সঞ্চালিত আদেশৰ বাবে - pthru-ৰ সময়সীমাৰ মান O/S লেয়াৰৰ সময়সীমাৰ মান অনুযায়ী নিৰ্ধাৰণ কৰা হয় ।
 
 
- 
				- mvsas-  চালক 0.5.4 সংস্কৰণলৈ উন্নয়ন কৰা হৈছে । ইয়াৰ ফলত, মূল প্ৰকল্পত সংশোধিত বাগ আৰু উন্নত বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও,  Marvell RAID-  বাচ কন্ট্ৰোলাৰ MV64460, MV64461, আৰু MV64462-ৰ বাবে সমৰ্থন ব্যৱস্থা উপলব্ধ কৰা হৈছে । ( BZ#485126- )
			 
 
- 
				- qla2xxx-  চালক 8.03.00.10.05.04-k সংস্কৰণলৈ উন্নয়ন কৰা হৈছে আৰু বৰ্তমানে এই চালক দ্বাৰা  Fibre Channel over Convergence Enhanced Ethernet-  এডাপ্টাৰ সমৰ্থন কৰা হয় । এই মুক্তিৰ মাধ্যমে, মূল প্ৰকল্পত সংশোধন কৰা কিছু বাগৰ সমাধানও  - qla2xxx-  ত অন্তৰ্ভুক্ত কৰা হৈছে । যেনে: ( BZ#471900- ,  BZ#480204- ,  BZ#495092- , আৰু  BZ#495094- )
			 
 - 
						৪ গিগাবাইট আৰু ৮ গিগাবাইট এডাপ্টাৰত - OVERRUNপৰিচালনাৰ সময়ত চিনাক্ত কিছু ভ্ৰান্তি সংশোধিত হৈছে ।
 
- 
						কোনো এচিংক্ৰোনাচ ঘটনাৰ ক্ষেত্ৰত সকলো - vportsক বৰ্তমানে সতৰ্ক কৰা হয় ।
 
- 
						এটা বাগৰ উপস্থিতিৰ ফলত QLogic 2472 কাৰ্ডৰ সৈতে কাৰ্ণেল পেনিক সৃষ্টি হয় । এই সমস্যা সংশোধিত হৈছে ।
					 
- 
						প্ৰথমবাৰ - stop_firmwareআদেশ সঞ্চালনাৰ ফলত সময়সীমা উত্তীৰ্ণ হ'লে, দ্বিতীয়বাৰ এই আদেশ সঞ্চালিত নহয় ।
 
- 
						চেক্টৰ মাস্কৰ মান - optrom-ৰ সুনিৰ্দিষ্ট মানৰ ভিত্তিতে ধাৰ্য কৰা নহয় ।
 
- 
						মাল্টি-পাথ যন্ত্ৰত নিবেশ/নিৰ্গমৰ সময় নিয়মিত ৰূপে পাথৰ ব্যৰ্থতা সৃষ্টিটিকাৰী এটা বাগ সংশোধিত হৈছে । ( BZ#244967- )
					 
- 
						চালক উৎসৰ কোড বৰ্তমানে kABI-ৰ সৈতে সুসংগত ।
					 
- 
						স্মৃতিশক্তি মুক্ত কৰাৰ পিছত - dcbxপইন্টাৰৰ মান- NULLৰূপে ধাৰ্য কৰা হয় ।
 
 
- 
				এই উন্নয়নসমূহৰ উপৰিও, - qla2xxxচালকত অন্তৰ্ভুক্ত- qla24xxআৰু- qla25xxফাৰ্মৱেৰ ৪.০৪.০৯ সংস্কৰণলৈ উন্নয়ন কৰা হৈছে ।
 
- 
				- qla4xxx-  চালকত বৰ্তমানে চালকৰ সমস্যা সমাধানৰ উদ্দেশ্যে উন্নত বৈশিষ্ট্য উপলব্ধ । গৃহস্থ এডাপ্টাৰত অসম্পূৰ্ণ আদেশৰ উপস্থিতি চিনাক্ত হ'লে, চালকত উপস্থিত এটা বাগৰ কাৰণে এডাপ্টাৰ পুনৰুদ্ধাৰৰ কামত বাধা সৃষ্টি কৰা হয় । এই বাগ এই উন্নয়নত সংশোধন কৰা হৈছে । ( BZ#497478- )
			 
 
- 
				এই মুক্তিত নতুন  - qlge-  চালক অন্তৰ্ভুক্ত কৰা হৈছে । এই চালকৰ সহায়ত  QLogic FCoE-  ১০ গিগাবাইট এডাপ্টাৰৰ বাবে ইথাৰ্নেট সমৰ্থন ব্যৱস্থা উপলব্ধ কৰা হয় । ( BZ#479288- )
			 
9. প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন
		প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন ত সকলো বৈশিষ্ট্য উপলব্ধ কৰা হয় যিসমূহ বৰ্তমানে Red Hat Enterprise Linux বৰঙনি সেৱাৰ অন্তৰ্গত সমৰ্থিত নহয় আৰু অসম্পূৰ্ণ হোৱাৰ ফলত প্ৰধান কৰ্মক্ষেত্ৰত ব্যবহাৰযোগ্য নহয় । তথাপি গ্ৰাহকৰ সুবিধাৰ্থে আৰু বৈশিষ্ট্যসমূহৰ বিস্তাৰিত প্ৰচাৰৰ বাবে এইসমূহ উপলব্ধ কৰা হয় ।
	
		নিম্নলিখিত প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শনসমূহ Red Hat Enterprise Linux 5.4 বিটা সংস্কৰণত নতুন সংযোজন কৰা হৈছে অথবা উন্নত কৰা হৈছে । Red Hat Enterprise Linux 5.4-ত উপস্থিত প্ৰযুক্তিগত পূৰ্বপ্ৰদৰ্শন সম্বন্ধে বিস্তাৰিত বিৱৰণ প্ৰাপ্ত কৰাৰ বাবে 
http://www.redhat.com/docs/manuals/enterprise/ ত উপস্থিত 5.4 Technical Notes-ৰ Technology Previews নামক শীৰ্ষক পঢ়ক ।
	
A. পুনৰীক্ষণৰ ইতিহাস
		| Revision History | 
|---|
| Revision 0.4 | Thu Jul 23 2009 | Don Domingo | 
| | SME দ্বাৰা পৰ্যালোচনাৰ উদ্দেশ্যে ভঁৰালৰ চালক সংক্ৰান্ত উন্নয়নৰ বিভাগ প্ৰক্ৰিয়াভুক্ত কৰা হৈছে | 
 | 
| Revision 0.3 | Thu Jul 02 2009 | Ryan Lerch | 
| | লিখাত বিভিন্ন ত্ৰুটি সংশোধনৰ কৰা হৈছে, বিটাৰ ক্ষেত্ৰত প্ৰযোজ্য জ্ঞাত সমস্যাৰ তথ্য যোগ কৰা হৈছে। | 
 | 
| Revision 0.2 | Wed Jul 01 2009 | Ryan Lerch | 
|  | 
| Revision 0.1 | Tue Apr 21 2009 | Ryan Lerch | 
| | ৫.৩ সংস্কৰণৰ মুক্তিৰ টোকাৰ পৰা প্ৰয়োজনীয় অংশ স্থানান্তৰ কৰা হৈছে । | 
 |